InterviewSolution
| 1. |
Amar to half yearly exam hoce to akhonare valo lage na say 25th August thake exam dicceಥ‿ಥಥ‿ಥಥ‿ಥbtw ki korcho tumi???nah tata good nighthave a sweet dreams ❤❤❤❤❤ |
|
Answer» শৰীৰৰ স্বাভাৱিক অৱস্থাৰ নামেই স্বাস্থ্য স্বাস্থ্যই হৈছে জীৱনৰ ঘাই সম্পদ। স্বাস্থ্যহীন লোক অতুল সম্পত্তিৰ গৰাকী হ'লেও তেওঁৰ মন সদায়েই অশান্তিময়। অনহাতে স্বাস্থ্যবান লোক দৰিদ্ৰ হ'লেও তেওঁ সুখী৷ শৰীৰ অসুস্থ হলে মনৰো শাস্তি নথাকে। বগীয়া মানুহ আনৰ বোজা স্বৰূপ হয়। জীৱনৰ সকলো সুখ শান্তিৰ গুৰিতে আছে স্বাস্থ্য। শৰীৰত বেমাৰ আজাৰ নথকা মানুহে শাৰীৰিক বা মানসিক পরিশ্রম কৰিবলৈ দেহ মনত বল পায়। যাৰ শৰীৰ দুৰ্বল তেওঁৰ মনো সবল নহয়। অসুখীয়া মানুহৰ কাম-কন, পঢ়া-শুনা, খেলা-ধূলা আদি কৰিবলৈ গাত বল নাথাকে। পৃথিৱীত বহুতো বস্তু ধন দি কিনিবলৈ পোৱা যায়। কিন্তু সাস্থ্যক ধনেৰে কিনিব নোৱাৰি।শৰীৰ দুৰ্বল হোৱাৰ বাবে ৰুগীয়া মানুহে নিজৰ যত্নও নিজে ল’ব নোৱাৰা হয়। তেওঁ কাম কৰি ধন উপার্জন কৰিব নোৱাৰিলে চিকিৎসা আৰু ৰোগ নিৰাময়ৰ বাবে ঔষধ পাতি কিনিবলৈকো টকাৰ নাটনি হয়। ফলত তেওঁ আত্মীয় স্বজন বা আনৰ ওচৰত হাত পাতিব লগীয়া হয়। গতিকে স্বাস্থ্যক জীৱনৰ অমূল্য সম্পদ ৰূপে গণ্য কৰি সকলোৱে স্বাস্থ্য ৰক্ষাৰ নিমিত্তে যত্নলোৱা উচিত। জীৱনৰ আৰম্ভণিতে নিয়মিত ভাবে চলিবলৈ নিশিকিলে স্বাস্থা ভালে নাথাকে। এবাৰ যদি কেনেবাকৈ স্বাস্থ্য ভাগি পৰে তেনেহলে সেই স্বাস্থ্য ঘুৰাই অনা কঠিন হৈ পৰে। আমাৰ এই শৰীৰ ভগৱানৰ দান। শৰীৰৰ প্রতি উচিত যত্ন লোৱাটো প্রত্যেক মানুহৰ কর্তব্য। সৰু কালছোৱাত পিতৃ-মাতৃয়ে যত্ন লয়। ডাঙৰ-দীঘল হোৱাৰ পিচত নিজৰ স্বাস্থ্যৰ প্রতি নিজেই যত্ন লোৱা উচিত। শৰীৰ গঠনৰ বাবে আমাক আহাৰৰ প্ৰয়োজন। দৈনন্দিন আমি যিবোৰ আহাৰ কৰে, সেইবোৰেই আমাক স্বাস্থ্য ৰক্ষা আৰু কাম কৰিবলৈ শক্তি যোগাই আহিছে। আমি আহাৰেই খাওঁ সেইবোৰ সময়মতেহে খোৱা উচিত। |
|