1.

Diwali essay in Assamese​

Answer»

ANSWER:

দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় চাৰি ৰ পৰা পাঁচ দিন ধৰি । দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলোৱে পালন কৰে, হিন্দু, জৈন , শিখ, বৌদ্ধ ধৰ্মৰ মানুহ সকলোৱে । হিন্দু ধর্মৰ আটাইতকৈ উজ্বল উৎসৱ দীপাৱলীয়ে আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় আদি সূচায় । পোহৰ হৈছে জ্ঞানৰ প্ৰতীক, আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে আৰু মানুহৰ মহান জীৱনী শক্তিৰ উত্তৰণ ঘটায় ।

হিন্দু ধর্মৰ মতে, যেতিয়া ১৪ বছৰ বনবাস কটায় আহি ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণ পাপী ৰাৱণৰ বধৰ পিছত অযোধ্যালৈ ঘূৰি আহে, তেতিয়াই দীপাৱলীৰ আৰম্ভ হয় ।আৰু পদ্ম পুৰাণ ৰ মতে, দীপাৱলী ৰ নিশা সাগৰ মন্থনৰ ফলত ধনৰ দেৱী লক্ষ্মীৰ জন্ম হয় আৰু লক্ষ্মীদেৱীয়ে ভগৱান বিষ্ণুক চয়ন কৰে আৰু বিবাহপাশত আবদ্ধ হয় ।

পদ্ম পূৰণ আৰু স্কন্দ পুৰাণৰ মতে , চাকিবোৰ হৈছে সূৰ্যৰ অংশ প্ৰতীক, যি হৈছে মহাজাগতিক পোহৰ আৰু শক্তিৰ ভাণ্ডাৰ ।

আন আন ধৰ্মৰ মানুহেও দীপাৱলী উদযাপন কৰে ।

জৈন ধৰ্মৰ মানুহে দীপাৱলীক মহাবীৰ নিৰ্বানা দিৱস হিচাপে পালন কৰে ।

শিখ সকলে গুৰু হৰগোবিন্দৰ মোগলৰ জেলৰ পৰা মুক্তি পোৱা দিনটো উদযাপন কৰে ।

বৌদ্ধ ধৰ্মালম্বী সকলে সাধাৰণতে দীপাৱলী উদযাপন নকৰে যদিও নেপালত নতুন বৌদ্ধ ধৰ্মাৱলম্বী সকলে ৫ দিনলৈকে দীপাৱলী উদযাপন কৰে ।

Explanation:

HEY SIS here is your answer HOPE it will HELP you.



Discussion

No Comment Found